Untitled

[এজন কবিলৈ]

কালি ৰাতি খুব কুৱঁলি পৰিছিল |
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল |

ৰাতিপূৱা,
গছে বনে, পাহাৰৰ শিখৰে শিখৰে
বকুলফুলৰ দৰে
গুৰি গুৰিকৈ বৰফ পৰিছিল |

এটা চৰাইৰ
মাতত বসন্ত অহা হ'লে !
তাৰ লাহী ডেউকাই
কুঁৱলী আঁতৰাব পৰা হ'লে !

[হীৰেন ভট্টাচাৰ্য -১৯৬১]

Rate this poem: 

Reviews

No reviews yet.